November 16, 2025 8:32 PM

views 67

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ বিৰুদ্ধে মানবতা বিৰোধী গোচৰ সংক্ৰান্তত সোমবাৰে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণৰ ৰায়দান

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনা আৰু তেওঁৰ দুগৰাকী সহযোগীৰ বিৰুদ্ধে মানবতা বিৰোধী গোচৰ সংক্ৰান্তত কাইলৈ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণে ৰায়দান কৰিব। ন্যায়াধীশ মহম্মদ গোলাম মটুজা মজুমদাৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে ৰায়দানৰ দিন নিশ্চিত কৰাৰ পৰিপ্ৰেক্ষিতত ঢাকাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। বোৰ্ডাৰ গার্ড বাংলাদেশ, ৰেপিড একচন বেটেলিয়ন আৰু সেনাৰ অতিৰিক্ত বাহিনী ন্যায়াধীকৰণ এলেকাত নিয়োগ কৰা হৈছে।

August 29, 2024 11:48 AM

views 61

বাংলাদেশৰ ক্ষমতাচ্যুত শ্বেইখ হাছিনাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ সংখ্যা ৭৫লৈ বৃদ্ধি

বাংলাদেশৰ ক্ষমতাচ্যুত শ্বেইখ হাছিনা, তেওঁৰ মন্ত্ৰীসভাৰ প্ৰাক্তন সদস্য আৰু সহযোগীসকলৰ বিৰুদ্ধে আৰু চাৰিটা গোচৰ ৰুজু কৰা হৈছে। ইয়াকে লৈ শ্বেইখ হাছিনাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ সংখ্যা ৭৫ লৈ বৃদ্ধি পাইছে। ঢাকাৰ এখন দৈনিক বাতৰি কাকতে প্ৰকাশ কৰা মতে ৭৬ বছৰীয়া শ্বেইখ হাছিনা সম্প্ৰতি ৭৫টা গোচৰৰ সন্মুখীন হৈছে। ইয়াৰে ভিতৰত ৬৩টা হত্যাৰ, ৭টা মানৱতাৰ বিৰুদ্ধে অপৰাধ আৰু গণহত্যাৰ, তিনিটা অপহৰণৰ আৰু দুটা অন্য অপৰাধৰ গোচৰ আছে।

August 13, 2024 3:20 PM

views 73

দিল্লীত শ্বেইখ হাছিনাৰ দীৰ্ঘকালীন উপস্থিতিয়ে ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্কত কোনো নেতিবাচক প্ৰভাৱ নেপেলায়ঃ মহম্মদ তৌহিদ হুছেইন

বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হুছেইনে কৈছে যে দিল্লীত শ্বেইখ হাছিনাৰ দীৰ্ঘকালীন উপস্থিতিয়ে ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্কত কোনো নেতিবাচক প্ৰভাৱ নেপেলায়। সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে দ্বিপাক্ষিক সম্পর্ক এটা গুৰুত্বপূৰ্ণ বিষয় আৰু ই পৰস্পৰ স্বাৰ্থৰ ওপৰত আধাৰিত। মহম্মদ হুছেইনে ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্ত প্রণয় বার্মাকে ধৰি অন্যান্য কূটনীতিকসকলৰ সৈতে হোৱা কথা-বতৰাৰ পাছত সংবাদকর্মীসকলৰ আগত এই মন্তব্য কৰে। তেওঁ আঙুলিয়াই দিয়ে যে ভাৰতৰ বাংলাদেশৰ সৈতে যি...

June 21, 2024 2:49 PM

views 74

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনা দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনা আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। এই ভ্রমণসূচীৰ সময়ছোৱাত শ্ৰীমতী হাছিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব। তেওঁ লগতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰকো সাক্ষাৎ কৰিব। ভাৰতত নতুন চৰকাৰ গঠন হোৱাৰ পাছত এয়া প্ৰথমটো দ্বিপীক্ষিক ভ্ৰমণ হ'ব।

June 8, 2024 2:38 PM

views 61

দিল্লী অভিমুখে ৰাওনা বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনা

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনা নতুন দিল্লী অভিমুখে ৰাওনা হৈছে। তেওঁ তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰীৰ দায়িত্ব ল'বলগীয়া নৰেন্দ্ৰ মোদীৰ শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিব। নৰেন্দ্ৰ মোদীয়ে কাইলৈ প্রধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। শ্রীমতী হাছিনাই কাইলৈ সন্ধিয়া ৰাষ্ট্ৰপতিভৱনত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে আয়োজন কৰা ভোজমেলতো অংশগ্ৰহণ কৰিব। শ্ৰী মোদীয়ে তেওঁৰ শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ বাংলাদেশৰ প্রধানমন্ত্ৰীগৰাকীক টেলিফোন যোগে আমন্ত্রণ জনাইছিল। শ্বেইখ হাছিনাই প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱা...