May 27, 2025 4:41 PM

views 45

এছিয়ান এথলেটিক্‌ছ চেম্পিয়নশ্বিপত ভাৰতৰ ছাৰ্ভিন চেবাস্তিয়ানৰ দেশৰ হৈ প্ৰথমটো পদক

দক্ষিণ কোৰিয়াৰ গুমিত অনুষ্ঠিত এছিয়ান এথলেটিক্‌ছ চেম্পিয়নশ্বিপত ভাৰতৰ ছাৰ্ভিন চেবাস্তিয়ানে দেশৰ হৈ প্ৰথমটো পদক জয় কৰিছে। ছার্ভিনে আজি পুৰুষৰ ২০ কিলোমিটাৰ ৰেচ ৱাক এঘণ্টা ২১ মিনিট আৰু ১৩.৬ ছেকেণ্ডত সম্পূৰ্ণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। এই প্ৰতিযোগিতাত চীনৰ ঝাওঝাওৱে সোণ আৰু জাপানৰ কেণ্টো য়ুচি কাৱাই ৰূপৰ পদক লাভ কৰে। আন এগৰাকী ভাৰতীয় এথলিট অমিত পঞ্চম স্থানত থাকে।