October 19, 2024 7:05 PM

views 52

জম্মু-কাশ্মীৰ বিধানসভাৰ প্ৰটেম সদস্য হিচাপে নেচনেল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মোবাৰক গুলৰ শপতগ্ৰহণ

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই নেচনেল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মোবাৰক গুলক জম্মু-কাশ্মীৰ বিধানসভাৰ প্ৰটেম সদস্য হিচাপে শপতগ্ৰহণ কৰোৱায়। শ্ৰীগুলে শ্ৰীনগৰৰ ইদগাহ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত জয়ী হৈছিল। তেওঁ আজি শ্ৰীনগৰ ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত শপতগ্ৰহণ কৰে। শপতগ্রহণ অনুষ্ঠানত মুখ্যমন্ত্রী ওমৰ আব্দুলা, উপ-মুখ্যমন্ত্ৰী সুৰিন্দৰ চৌধাৰী, কেবিনেট মন্ত্রী চকিনা ইয়াটু, জাভেদ দৰ, জাভেদ ৰাণা আৰু সতীশ শৰ্মাও উপস্থিত থাকে।