September 20, 2026 11:41 AM
2
ভাৰতে সম্ভাব্য ভু-ৰাজনৈতিক আশংকাক লৈ অহৰহ সতর্ক হৈ থাকিব লাগিব কাৰণ বৰ্তমান ভাৰত চিপ ডিজাইন আৰু নিৰ্মাণকাৰী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মন্তব্য
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণবে কয়, যে যিসমূহ দেশে ভাৰত ছেমিকণ্ডাক্টৰ খণ্ডত আগবাঢ়ি যোৱাটো নিবিচাৰে, সেই দেশসমূহৰ চাইবাৰ আক্ৰমণ আৰু যিকোনো ধৰণৰ বাধাৰ বাবে ছেমিকণ্ডাক্টৰ উদ্যোগক প্ৰস্তুত কৰিব লাগে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীবৈষ্ণৱে কয়, যে ভাৰতে সম্ভাব্য ভু-ৰাজনৈতিক আশংকাক লৈ অহৰহ সতর্ক হৈ থাকিব লাগিব কাৰণ বৰ্তমান ভাৰত চিপ ডিজাইন আৰু নিৰ্মাণকাৰী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। ভাৰতৰ এই উত্থানক ইতিমধ্যে প্রতিষ্ঠিত বহু প্রতিষ্ঠান অথবা দেশে ভাবুকি হিচাপে গণ্য কৰিব পা...