June 15, 2024 9:11 PM

views 15

‘ছেবা’ৰ উদ্যোগত গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কামৰূপ একাডেমীত অনুষ্ঠিত প্ৰশিক্ষণৰ সামৰণি

অসম মাধ্যমিক শিক্ষা পৰিষদ অর্থাৎ ছেবাৰ উদ্যোগত গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক আৰু কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা ১১ জুনৰ পৰা অনুষ্ঠিত প্ৰশিক্ষণৰ আজি সামৰণি পৰে। কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ উদ্যোগত আৰু জিলাখনৰ অধিবিদ্যা পৰিষদ তথা অভ্যন্তৰীণ পৰীক্ষা বোৰ্ডৰ সহযোগত নতুন শিক্ষানীতিৰ আধাৰত গণিত আৰু বিজ্ঞান বিষয়ত শিক্ষণ পদ্ধতি সম্পর্কত এই প্রশিক্ষণ অনুষ্ঠিত হয়। এই প্রশিক্ষণত জিলাখনৰ ৩৩ টা হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ অধীনত ৩২৫ খন বিদ্যালয়ৰ একোগৰাক...