June 25, 2026 1:00 PM
2
শিক্ষানুষ্ঠানসমূহক ষষ্ঠ-অষ্টম শ্রেণীলৈ ১০ দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সকলো জিলাৰ মিছন সমন্বয়ক, বিদ্যালয়ৰ পৰিদৰ্শক আৰু জিলা প্রাথমিক শিক্ষা বিষয়ালৈ পত্ৰ
সমগ্র শিক্ষা অসমে শিক্ষানুষ্ঠানসমূহক ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্রেণীলৈ ১০ দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সকলো জিলাৰ মিছন সমন্বয়ক, বিদ্যালয়ৰ পৰিদৰ্শক আৰু জিলা প্রাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত ২০২৬-২৭ শৈক্ষিক বৰ্ষত বেগবিহীন দিন পালনৰ সময়ত কেনে ধৰণৰ কাৰ্যকলাপ গ্ৰহণ কৰা হ'ব সেই বিষয়তো উল্লেখ কৰা হৈছে। সেই অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে বেগ অবিহনে বিদ্যালয়লৈ যোৱা দিনকেইটাত শ্ৰেণীকোঠাৰ বাহিৰত হাতে-কামে কেতবোৰ কাৰ্য সম্পাদন কৰিব লাগিব। এই দিনকেইটাত ছাত্ৰ-ছাত্ৰীসকলক গছৰ সৈতে বন্ধুত্ব...