January 4, 2025 7:36 PM

views 30

তিনিখন উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই আজি গুৱাহাটীৰ ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত তিনিখন উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰে। ৰাজ্যপালগৰাকীয়ে আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় কৃতজ্ঞতা আৰু সজাগতা, কৰ্তব্যৰ পৰা বিকাশলৈ আৰু অমৃত সৰোবৰ সম্ভাৱনাসূচক উদগণি শীর্ষক আঁচনি ৩ খন আজি জনসাধাৰণৰ কল্যানৰ অৰ্থে মুকলি কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপাল শ্রীআচাৰ্য্যই জনসাধাৰণৰ সৰ্বাঙ্গীন কল্যানৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে।