July 27, 2026 9:50 PM

views 2

ৰাম মন্দিৰৰ বৰঙণিৰ ধন আত্মসাত অভিযোগৰ তদন্ত কৰিবলৈ গঠিত এছ আই টিত এজন ফৰেনচিক বিভাগৰ হিচাপ পৰীক্ষকক অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

অযোধ্যাৰ ৰাম মন্দিৰ ন্যাসে লাভ কৰা বৰঙণিৰ ধনৰ আত্মসাত্ৰ অভিযোগৰ তদন্ত কৰিবলৈ বিশেষ অনুসন্ধানকাৰী গোট-এছ আই টিত এজন ফৰেনচিক বিভাগৰ হিচাপ পৰীক্ষক অন্তৰ্ভুক্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে আজি উত্তৰ প্ৰদেশ চৰকাৰক নিৰ্দেশ দিয়ে।  উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুর্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ভি মহানাৰে গঠিত এখন বিচাৰপীঠে এছ আই টিক তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। দুসপ্তাহৰ ভিতৰত এছ আই টিয়ে তদন্তৰ অগ্ৰগতিৰ প্ৰথম প্ৰতিবেদন দাখিল কৰিব। এই গোচৰৰ শুনানিত উত্তৰ প্ৰদেশ চৰকা...