May 25, 2024 11:20 AM

views 33

ভোটদানৰ হাৰৰ তথ্য আপলোড কৰাৰ বাবে নিৰ্বাচন আয়োগক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে এইবাৰৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰতিটো পৰ্যায়ৰ পাছত নিৰ্বাচন আয়োগৰ ৱেবছাইটত ভোটগ্রহণ কেন্দ্ৰ ভিত্তিক ভোটদানৰ হাৰৰ তথ্য আপলোড কৰাৰ বাবে আয়োগক নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰিছে। ন্যায়াধীশ দীপাংকৰ দত্তা আৰু সতীশ চন্দ্ৰ শৰ্মাক লৈ গঠিত এখন অৱকাশকালীন বিচাৰপীঠে কালি বিষয়টোৰ শুনানি স্থগিত ৰাখে আৰু লোকসভা নিৰ্বাচনৰ পাছত শুনানি গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।