January 15, 2026 8:03 PM

views 31

সামাজিক মাধ্যমত ভাৰতীয় ষ্টেট বেংকৰ নামত আধাৰ আপডেট সম্পৰ্কীয় ভিডিঅত প্ৰচাৰিত বার্তাটো ভুৱা বুলি চৰকাৰৰ প্ৰকাশ

সামাজিক মাধ্যমত ভাৰতীয় ষ্টেট বেংকৰ নামত আধাৰ আপডেট কৰিবলৈ ব্যৱহাৰকাৰীয়ে এ পি কে ফাইল ডাউনলোড কৰি ইনষ্টল কৰিব লাগে বুলি প্ৰচাৰিত হৈ থকা বার্তাটো চৰকাৰে খণ্ডন কৰিছে। ভিডিঅটোত কোৱা হৈছে যে, যদি আধাৰ আপডেট নহয় তেন্তে এছ বি আই ইউন এপটো বন্ধ কৰা হ'ব। প্ৰেছ ইনফৰমেছন ব্যুৰোৰ ফেক্ট চেক ইউনিটে এইটো ভুৱা বুলি জানিবলৈ দিয়ে। ইয়াৰ দ্বাৰা জনসাধাৰণক কোনো এপিকে ফাইল ডাউনলোড নকৰিবলৈ, ব্যক্তিগত বেংকিং বা আধাৰৰ সবিশেষ নিদিবৰ বাবে পৰামৰ্শ দিয়া হৈছে। পি আই বিয়ে নাগৰিকসকলক সন্দেহজনক বাৰ্তাৰ ক্ষেত্ৰত প্রয়োজনীয় ব্যৱস্থা...