December 12, 2024 11:56 AM

views 14

স্পেইন, পৰ্তুগাল আৰু মৰক্কোই যৌথভাৱে ২০৩০ বৰ্ষৰ বিশ্বকাপ আয়োজন কৰিব

আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচন ফিফাই স্পেইন, পৰ্তুগাল আৰু মৰক্কোই যৌথভাৱে ২০৩০ বৰ্ষৰ বিশ্বকাপ আয়োজন কৰিব বুলি ঘোষণা কৰিছে। বিশ্বকাপত ১০০ সংখ্যক বার্ষিকী উদযাপনৰ উদ্দেশ্যে ২০৩০ চনত আৰ্জেণ্টিনা, পাৰাগুৱে আৰু উৰুগুৱেৰ একোখনকৈ খেল খেলোৱা হ'ব। সংস্থাটোৱে লগতে ২০৩৪ বৰ্ষত ছৌদি আৰৱে পুৰুষৰ বিশ্বকাপ ফুটবল প্রতিযোগিতা আয়োজন কৰিব বুলি প্ৰকাশ কৰিছে। ছৌদি আৰৱে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ আয়োজনৰ দায়িত্ব লাভ কৰিছে আৰু ২০৩৪ চনত দ্বিতীয়বাৰৰ বাবে মধ্যপ্রাচ্যত এই প্রতিযোগিতা অনুষ্ঠিত হ'ব।