February 12, 2025 8:19 PM

views 81

সৰ্থেবাৰীৰ ঐতিহাসিক বছেৰেকীয়া সভা মহোৎসৱ আৰম্ভ

কাঁহ শিল্পৰ বাবে বিখ্যাত সৰ্থেবাৰীৰ ঐতিহাসিক বছেৰেকীয়া সভা মহোৎসৱ কালি আৰম্ভ হৈছে। ১৫৯ সংখ্যক এই সভাৰ আজি মূল কার্যসূচী উপলক্ষে হোম যজ্ঞ অনুষ্ঠিত হয়। শ্রীশ্রী জগন্নাথ মহাপ্ৰভুৰ এই সভা মহোৎসৱ সৰ্থেবাৰীৰ ৫ খেল গঞাৰ উদ্যোগত অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে ব্ৰিটিছ চৰকাৰৰ খাজনা নীতিৰ বিৰুদ্ধে সৰ্থেবাৰীৰ ৰাইজে জয়লাভ কৰাৰ আনন্দ উদযাপনৰ অংশ হিচাপে এই সভা মহোৎসৱৰ আয়োজন কৰিছিল। তেতিয়াৰে পৰা সৰ্থেবাৰী ৰাইজে উলহ-মালহেৰে প্ৰতি বছৰে এই সভা উদযাপন কৰি আহিছে।