September 6, 2025 1:08 PM

views 28

দেশৰ সামুদ্রিক খণ্ডলৈ বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্য নিৰ্ধাৰণ কেন্দ্ৰৰ

চৰকাৰে বন্দৰ, জাহাজ পৰিবহণ, জাহাজ নিৰ্মাণ আৰু আভ্যন্তৰীণ জলপথৰ বিকাশৰ বাবে ৮০ লাখ কোটি টকা বিনিয়োগেৰে ২০৪৭ চনৰ ভিতৰত দেশৰ সামুদ্রিক খণ্ডলৈ বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্য নিৰ্ধাৰণ কৰিবছে। তামিলনাডুৰ টুতিক’ৰিনত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে সাগৰমালা আঁচনিৰ অধীনত নতুন মৎস্য বন্দৰ স্থাপনৰ জৰিয়তে উপকূলীয় লোকসকলৰ জীৱন উন্নত কৰি তোলা হৈছে। তেওঁ লগতে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সামুদ্রিক উদ্ভাৱ...