October 18, 2024 11:33 AM

views 43

আকাশবন্তিৰ পোহৰে ন-আশাৰ সঞ্চাৰ কৰি অসমীয়াৰ সমাজ জীৱন উজলাই তোলেঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কাতি বিহু উপলক্ষে ৰাইজক শুভেচ্ছা জ্ঞাপন কৰি কয় যে, কাতি বিহুৰ ঐতিহ্য পৰম্পৰা আকাশবন্তিৰ পোহৰে ন-আশাৰ সঞ্চাৰ কৰি অসমীয়াৰ সমাজ জীৱন উজলাই তোলে। তুলসী তলৰ বন্তিয়ে পৱিত্ৰতা কঢ়িয়াই আনে। কালি দিহিংচাং বহুমুখী সমবায় সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ টিংখাঙৰ কৃষিজীৱী ৰাইজৰ সহযোগত টিংখাঙৰ নখাট লেঙেৰীপথাৰত আয়োজিত কাতি বিহু পালন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখ কৰে। অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, বিধায়ক প্ৰশান্ত ফুকন, বিনো...