December 14, 2025 11:50 AM

views 36

কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালৰ চতুর্দশ ডিব্ৰুগড় গ্রন্থমেলাত অংশগ্ৰহণ

কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ৰ চৌকিদিঙি খেলপথাৰত অনুষ্ঠিত হৈ থকা চতুর্দশ ডিব্ৰুগড় গ্রন্থমেলাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত হৈ নৱপ্ৰজন্মক গ্রন্থ অধ্যয়নৰ বাবে আহ্বান জনায়। তেওঁ কয়, যে গ্রন্থ অধ্যয়নৰ অভ্যাসেহে এখন সমাজ শক্তিশালী কৰিব পাৰে। বৰ্তমানৰ প্রতিযোগিতাৰ পৃথিবীখনত সফলতাৰে বৰ্তি থাকিবলৈ হ'লে অধ্যয়নৰ বিকল্প একো নাই বুলি তেওঁ উল্লেখ কৰে। বিয়লিৰ ভাগত গ্ৰন্থমেলাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে শিল্পীগৰাকীৰ গ...

September 1, 2025 7:34 PM

views 31

ডিব্ৰুগড়ত তিনিটা প্ৰকল্প উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত তিনিটা প্ৰকল্প উদ্বোধন কৰে। শ্ৰী সোণোৱালে সাংসদ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ অধীনত শৰীৰ চৰ্চা কেন্দ্ৰ, খোৱাপানী প্রকল্প আৰু ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ড০ যোগীৰাজ বসু বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা ভৱন উদ্বোধন কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰী সোণোৱালে কয়, যে এই প্রকল্পসমূহে শিক্ষানুষ্ঠানখনৰ বিদ্যায়তনিক দিশৰ উৎকৰ্ষ সাধনৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক সুস্থ ভাৰত গঢ়াৰ দিশত সক্রিয় ভূমিকা পালন কৰিবলৈ অনুপ্...

June 15, 2025 12:02 PM

views 42

ভাৰত ২০২৯ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থ ব্যৱস্থা ৰূপে পৰিগণিত হোৱাৰ দিশে ক্ষিপ্ৰতাৰে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ প্রকাশ

ভাৰত ২০২৯ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থ ব্যৱস্থা ৰূপে পৰিগণিত হোৱাৰ দিশে ক্ষিপ্ৰতাৰে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে প্রকাশ কৰিছে। তেওঁ কয়, যে বিগত ১১ বছৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নির্ণায়ক আৰু দুর্নীতিমুক্ত শাসনৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে। এন ডি এ চৰকাৰৰ একাদশ বার্ষিকীৰ সৈতে সংগতি ৰাখি কালি ডিব্ৰুগড়ত এখন সংবাদমেলত শ্ৰী সোণোৱালে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে ভাৰত নীতি স্থবিৰতাৰ আৰু বংশবাদী কুশাসনৰ যুগৰ পৰা ওলাই আহিছে আৰু সম্প্র...

October 31, 2024 6:36 PM

views 65

ডিব্ৰুগড়ত আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১০ বছৰে চৰ্দাৰ বল্লভ ভাই পেটেলৰ নীতি আৰু প্ৰমূল্যৰে সমগ্ৰ ৰাষ্ট্ৰক একতাৰ ডোলেৰে বান্ধিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাই আছে বুলি শ্ৰীসোণোৱালে প্রকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰত নীতিৰ বিষয়ে উনুকিয়াই শ্ৰীসোণোৱালে কয় যে যি পথেৰে আগবাঢ়িবলৈ চৰ্দাৰ বল্লভ ভাই পেটেলে শক্তি দিছে, দিশ আৰু দৰ্...