May 23, 2025 4:12 PM

views 87

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেন ডিয়েগত সংঘটিত জেট বিমানৰ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেন ডিয়েগত কালি সংঘটিত এখন ব্যক্তিগত জেট বিমানৰ দুৰ্ঘটনাত কমেও দুজন লোকে প্ৰাণ হেৰুৱাইছে। ৬জন ব্যক্তিক কঢ়িয়াই নিয়া বিমানখন ডাৱৰীয়া বতৰৰ বাবে উচ্চ শক্তিসম্পন্ন বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। ছেন ডিয়েগৰ আৰক্ষী বিভাগে জনোৱা মতে এই দুৰ্ঘটনাত কোনো স্থানীয় লোক হতাহত হোৱা নাই।