February 2, 2025 8:14 PM

views 62

কেন্দ্ৰীয় বাজেটত গভীৰ সমুদ্ৰ অভিযানৰ বাবে ৬০০ কোটি টকা মঞ্জুৰে ভাৰতৰ সমুদ্ৰ অভিযান ত্বৰান্বিত কৰিছে

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে গভীৰ সমুদ্ৰ অভিযানৰ বাবে ৬০০ কোটি টকা মঞ্জুৰ কৰাৰ লগে লগে ভাৰতৰ সমুদ্ৰ অভিযান ত্বৰান্বিত হোৱাৰ দিশে আগবাঢ়িছে। ভাৰতে বিশেষভাবে নির্মিত সমুদ্রযান নামৰ এখন ছাবমেৰিনত বৈজ্ঞানিকক প্ৰেৰণ কৰি সমুদ্ৰৰ গভীৰত অন্বেষণ চলোৱাৰ লক্ষ্য লৈছে। এই অভিযানৰ জৰিয়তে সমুদ্ৰৰ গভীৰতলিৰ জোখ-মাখ লোৱাৰ লগতে পানীৰ তলত ৬ হাজাৰ মিটাৰ গভীৰলৈ প্ৰেৰণ কৰিব পৰা যানৰ প্ৰযুক্তি উন্নত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। এই অভিযানত সাগৰৰ তলিৰ জৈৱ সম্পদৰ বহনক্ষম ব্যৱহাৰৰ বাবে সাগৰৰ গভীৰতাত খনন তথা অন্যান্য অভিযা...