July 5, 2024 7:38 PM

views 34

ৰাজ্যত নিটি আয়োগৰ সম্পূৰ্ণতা অভিযান শীর্ষক বিশেষ অভিযান আৰম্ভ

দেশৰ বৃহৎ সংখ্যক নাগৰিকৰ অংশগ্রহণেৰে নিটি আয়োগৰ সম্পূৰ্ণতা অভিযান শীর্ষক বিশেষ অভিযান কালি আৰম্ভ হৈছে। অসমতো বাক্সা, ধুবুৰী, দৰং, বৰপেটা, গোৱালপাৰা,ওদালগুৰি, ডিমা হাচাও, পশ্চিম কাৰ্বি আংলং আৰু হাইলাকান্দিৰ কেইবাটাও উন্নয়ন খণ্ডক এই অভিযানে সামৰি লৈছে। মুঠ ১১২ খন অভিলাষী জিলাৰ ৫০০টা খণ্ডত এই অভিযানৰ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অহা ৩০ ছেপ্তেম্বৰলৈকে ৩ মাহজুৰি চলিবলগীয়া এই অভিযানৰ লক্ষ্য হৈছে সকলো অভিলাষী জিলা আৰু খণ্ডত ১২টা মূল সামাজিক খণ্ডৰ সূচকৰ ক্ষেত্ৰত ১০০ শতাংশ পৰিপূৰ্ণতা লাভ কৰা। দৰ...