December 13, 2025 12:37 PM

views 35

চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত আজিৰে পৰা চতুৰ্থ সমবায় মেলা

গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত আজিৰ পৰা ১৫ ডিচেম্বৰলৈ চতুৰ্থ সমবায় মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমবায় সমিতিসমূহে অংশগ্ৰহণ কৰিব। মেলাত হাতে বোৱা কাপোৰ, বাঁহ-বেতেৰে নিৰ্মিত সামগ্ৰী, পানী মেটেকা, মৰাপাটেৰে নিৰ্মিত সামগ্ৰী, কাঁহৰ সামগ্ৰী, পৰম্পৰাগত অসমীয়া গহণা, থলুৱা খাদ্য সম্ভাৰ, টেৰাকোটা সামগ্ৰীকে ধৰি বিবিধ সামগ্ৰী বিক্ৰী আৰু প্ৰদৰ্শন কৰা হ'ব। সমবায় মেলাৰ লগত সংগতি ৰাখি পৰম্পৰাগত সাজ-পাৰ, লোকনৃত্য, সুসজ্জিত বিপণী, সংগীত, কুইজ, তর্ক আৰু চিত্...