January 20, 2025 1:04 PM

views 51

ছেইফ আলী খানৰ আক্ৰমণৰ গোচৰত শ্বৰিফুল ইছলাম ছেহজাদক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

বলীউদ অভিনেতা ছেইফ আলী খানৰ আক্ৰমণৰ গোচৰত মুম্বাইৰ এখন আদালতে অভিযুক্ত বাংলাদেশৰ নাগৰিক শ্বৰিফুল ইছলাম ছেহজাদক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। অভিনেতাজনৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ বুলি উল্লেখ কৰি অভিযুক্তজনক ১৪ দিনৰ জিম্মাত বিচৰা হৈছিল যদিও আদালতে ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ দিয়ে। উল্লেখযোগ্য যে ছেইফ আলী খানক আক্ৰমণ কৰাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে বাৰ আৰু ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীৰূপে কৰ্মৰত অভিযুক্তজনক কালি থানেত গ্ৰেপ্তাৰ কৰিছিল।