December 5, 2025 6:47 PM

views 45

ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে অহা ১০ ডিচেম্বৰত ছহিদ দিৱস পালন

ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে অহা ১০ ডিচেম্বৰত ছহিদ দিৱস পালন কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেইদিনা গুৱাহাটীৰ বৰাগাঁৱত অসম আন্দোলনৰ ছহিদসকলৰ স্মৃতিত নিৰ্মাণ কৰা ছহিদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিব। পূর্বতে গৃহমন্ত্রী অমিত শ্বাহ এই কাৰ্যসূচীলৈ অহাৰ কথা আছিল যদিও এতিয়া স্মাৰক ক্ষেত্র উদ্বোধনী অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী উপস্থিত থাকিব বুলি ৰাজ্য চৰকাৰৰ সূত্ৰত প্ৰকাশ। এই অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি পূর্ণগতিত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, ঐতিহাসিক অসম আন্দোলনৰ ছহিদসকলৰ প্ৰতি সন্মা...