September 25, 2026 8:01 PM
15
১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ মদন বর্মন আৰু ৰাওতাৰাম কোঁচক আজি শ্ৰদ্ধাৰে স্মৰণ
১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত বৃটিছৰ গুলীত প্ৰাণ আহুতি দিয়া বজালীৰ শ্বহীদ মদন বর্মন আৰু ৰাওতাৰাম কোঁচক আজি শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। দুয়োগৰাকী শ্বহীদৰ আত্মবলিদানৰ স্মৃতিত জিলাখনৰ ৰিহাবাৰী অঞ্চলত শ্বহীদ স্মৃতি দিৱস পালন কৰা হয়। অনুষ্ঠানত বজালীৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়, শিক্ষাবিদ মুনীন্দ্ৰ নাৰায়ণ গোস্বামী আৰু জিলা আয়ুক্তকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে, ১৯৪২ চনৰ ২৫ ছেপ্তেম্বৰত বিহাবাৰীত বৃটিছ আৰক্ষীৰ গুলীত ভোগপুৰৰ স্কুলীয়া ছাত্ৰ মদন বৰ্মন আৰু সাদেৰী গাওঁৰ কৃষক ৰাওতা...