February 10, 2025 1:20 PM

views 33

আধ্যাত্মিক গুৰু সদগুৰু উপস্থিতিত ৰাজ্য চৰকাৰৰ বিভিন্ন শীর্ষ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রীৰ মত বিনিময়

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি আধ্যাত্মিক গুৰু সদগুৰু উপস্থিতিত ৰাজ্য চৰকাৰৰ বিভিন্ন শীর্ষ বিষয়াসকলৰ সৈতে এটা মত বিনিময় অনুষ্ঠানত মিলিত হয়। এই অনুষ্ঠানত আধ্যাত্মিক গুৰুগৰাকীয়ে ৰাজ্যৰ প্ৰশাসনৰ সামগ্রিক কুশলতা কিদৰে ইতিবাচক কৰি গঢ়ি তুলিব পাৰি সেই বিষয়ে পৰামর্শ দিয়ে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ আমন্ত্ৰণ মৰ্মে সদগুৰুৱে ২০২২ বৰ্ষত কাজিৰঙাত চিন্তন শীর্ষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল।