September 27, 2025 6:55 PM

views 39

২ অক্টোবৰত দেশজুৰি জন পৰিকল্পনা অভিযান সব কী যোজনা, সবকা বিকাশ অভিযান আৰম্ভ

পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে দেশজুৰি ২ অক্টোবৰত জন পৰিকল্পনা অভিযান সব কী যোজনা, সবকা বিকাশ অভিযান আৰম্ভ কৰিব। এটা বিবৃতিত মন্ত্ৰালয়ে কয় যে এই দেশজোৰা অভিযানত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে পঞ্চায়ত বিকাশ পৰিকল্পনাৰ প্ৰস্তুতিত গুৰুত্ব দিয়া হ'ব। গ্ৰামাঞ্চলত পৰিসেৱা উন্নতকৰণ আৰু ইয়াৰ ফলাফলৰ বিকাশৰ ক্ষেত্ৰত স্থানীয় প্ৰশাসনক স্বচ্ছ আৰু অংশীদাৰিত্বমূলক কৰি তুলাই হৈছে জন পৰিকল্পনা অভিযানৰ লক্ষ্য। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি এই অভিযানত আদি কৰ্মযোগী অভিযানৰ অধীনত জনজাতি লোকৰ সবলীকৰণত গুৰুত্ব দিয়া হ'...