August 18, 2024 11:25 AM

views 54

কুৱেইটলৈ যাব বিদেশমন্ত্ৰী ড০ এছ জয়শংকৰ

বিদেশমন্ত্ৰী ড০ এছ জয়শংকৰ আজি চৰকাৰী ভ্ৰমণসূচীলৈ কুৱেইটলৈ যাব। ভ্রমণকালত ড০ জয়শংকৰে কুৱেইটৰ বিদেশ মন্ত্ৰী আব্দুল্লা আলী-অল-য়াহ্যাক সাক্ষাৎ কৰিব। তেওঁ লগতে কুৱেইটৰ নেতৃত্বৰ্গকো সাক্ষাৎ কৰিব। ড০ জয়শংকৰৰ এই ভ্রমণে দুয়োপক্ষক ৰাজনীতি, বাণিজ্য, বিনিয়োগ, শক্তি, সুৰক্ষা, সংস্কৃতি, দূতাবাস আৰু জনসম্পর্ককে ধৰি উভয় দেশৰ মাজত দ্বিপাক্ষীক সম্পৰ্কৰ বিভিন্ন দিশৰ পৰ্যালোচনা চলোৱাৰ সুযোগ প্ৰদান কৰিব। ভ্রমণকালত দুয়োপক্ষই পাৰস্পৰিক স্বার্থ জড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ মত বিনিময় কৰিব আৰু মধ্য...