January 13, 2025 10:41 AM

views 26

ডনাল্ড ট্রাম্পৰ শপতগ্রহণ অনুষ্ঠানত ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত ডনাল্ড ট্রাম্পৰ শপতগ্রহণ অনুষ্ঠানত ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰিব। অহা ২০ জানুৱাৰীত ডোনাল্ড ট্রাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। এই ভ্ৰমণকালত ড০ জয়শংকৰে ট্রাম্প প্ৰশাসনৰ প্ৰতিনিধি আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে বৈঠকত মিলিত হ'ব।