June 9, 2025 12:28 PM

views 35

ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ দুখন আসনৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিম দিন

ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ আসন দুখনৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিম দিন। আজি বিয়লি ৩ বজাৰ পূৰ্বে প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিব লাগিব। ইতিমধ্যে শাসনাধিস্থিত এন ডি এই অহা ১৯ জুনত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ দুখন আসনৰ বাবে প্রার্থী নাম চূড়ান্ত কৰিছে। বিজেপিয়ে কনাড পুৰকায়স্থ আৰু অগপই বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক প্রার্থিত্ব প্ৰদান কৰিছে। ইপিনে ৰাজ্যৰ বিৰোধী দল কংগ্ৰেছে এই নিৰ্বাচনত প্রার্থিত্ব আগবঢ়োৱা নাই। বিৰোধীৰ পক্ষত নিৰ্বাচনত জয়ী হ'ব পৰাকৈ বিধায়ক নাই বাবেই ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰতিদ...