July 29, 2026 8:11 PM
7
ৰাজ্যসভাত ৰাষ্ট্ৰীয় সন্মান অপমান প্ৰতিৰোধ সংশোধনী বিধেয়ক ২০২৬ গৃহীত
ৰাষ্ট্ৰীয় সন্মান অপমান প্ৰতিৰোধ সংশোধনী বিধেয়ক ২০২৬ আজি ৰাজ্যসভাত গৃহীত হয়। এই বিধেয়কখনৰ জৰিয়তে ১৯৭১ চনৰ ৰাষ্ট্ৰীয় গৌৰৱৰ প্ৰতি অপমান প্ৰতিৰোধ আইনখনক সংশোধন কৰিব বিচৰা হৈছে। প্রস্তাবিত বিধেয়কখনত বন্দে মাতৰমক ৰাষ্ট্ৰীয় সংগীত জন গণ মনৰ সমান সাংবিধানিক সুৰক্ষা কবচ প্রদান কৰিব বিচৰা হৈছে। বিধেয়কখনত এনে অপৰাধৰ বাবে ৩ বছৰ কাৰাদণ্ড, জৰিমণা বা উভয় প্ৰকাৰৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। বিধেয়কখন সন্দর্ভত উচ্চ সদনত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে কয়, যে বিধেয়কখনৰ সংশোধন ...