April 20, 2025 8:24 PM

views 20

শিলচৰ ৰে’ল ষ্টেচনত অভিযান চলাই ৰে’লৱে সুৰক্ষা বাহিনীৰ ৪৫০টা ভেকুলী উদ্ধাৰ

বন্যপ্ৰাণীৰ সুৰক্ষাৰ দিশত উত্তৰ-পূব সীমান্ত ৰে'লৱেই গ্ৰহণ কৰি অহা গুৰুত্বপূৰ্ণ পদক্ষেপৰ অংশ হিচাপে ৰে'লৱেৰ লামডিং সংমণ্ডলৰ সুৰক্ষা বাহিনীয়ে অলপতে শিলচৰ ৰে'ল ষ্টেচনত অভিযান চলাই ৪৫০টা ভেকুলী উদ্ধাৰ কৰে। বাহিনীটোৱে প্লেটফৰ্মৰ সমীপত গৰাকীবিহীন তিনিটা মোনাত এই ভেকুলীসমূহ উদ্ধাৰ কৰে। সুৰক্ষা বাহিনীয়ে ভেকুলীসমূহ বৰাক উপত্যকা বন্যপ্রাণী সংমণ্ডলক গতাই দিয়ে। উল্লেখযোগ্য যে উত্তৰ-পূব সীমান্ত ৰে'লৱেই পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰখাৰ প্ৰতি দায়বদ্ধতাৰে এনে ধৰণৰ ভালেমান কার্য সম্পন্ন কৰিছে।