September 29, 2026 4:10 PM

views 14

ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’বলগীয়া গহপুৰ-নুমলীগড় সংযোগী সুৰংগৰ নিৰ্মাণ কাৰ্য চলিত বৰ্ষৰ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বঃ নীতিন গাডকাৰী

ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'বলগীয়া গহপুৰ-নুমলীগড় সংযোগী সুৰংগৰ নিৰ্মাণ কাৰ্য চলিত বৰ্ষৰ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিছে। নতুন দিল্লীত কালি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে গহপুৰ-নুমলীগড় সংযোগী ১২.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগ পথটো দেশৰ ভিতৰত প্ৰথম আৰু বিশ্বৰ দ্বিতীয়টো পথ আৰু ৰে'ল পথ থকা পানীৰ তলৰ সুৰংগ হ'ব। এই প্ৰকল্পৰ বাবে ২২ হাজাৰ কোটি টকা ব্যয় কৰা হ'ব বুলিও গাডকাৰীয়ে কয়। সম্প্রতি অসমত প্রায় দুই লাখ কো...

June 18, 2024 12:31 PM

views 67

গুৱাহাটী ৰিং ৰোডৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ৪,৬১৭ কোটি টকা ধাৰ্য

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোডৰ প্রাক্কলনৰ চূড়ান্ত ৰূপ দিছে। প্ৰাস্তাৱিত ৰিং ৰোডৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৪,৬১৭ কোটি টকা ধাৰ্য কৰিছে। ইয়াৰ পূৰ্বে ভাৰত চৰকাৰে প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড নিৰ্মাণৰ দায়িত্ব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ওপৰত অৰ্পণ কৰিছিল। এই দায়িত্ব লাভ পাছত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে গুৱাহাটী ৰিং ৰোড নিৰ্মাণৰ প্ৰকল্পক তিনিটা ভাগত বিভক্ত কৰিছে। প্ৰথমটো হৈছে চাৰিলেন যুক্ত ৫৫.৫৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ গুৱাহাটী বাইপাছ। এই পথছোৱা বাইহাট...