September 29, 2026 4:10 PM
6
ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’বলগীয়া গহপুৰ-নুমলীগড় সংযোগী সুৰংগৰ নিৰ্মাণ কাৰ্য চলিত বৰ্ষৰ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বঃ নীতিন গাডকাৰী
ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'বলগীয়া গহপুৰ-নুমলীগড় সংযোগী সুৰংগৰ নিৰ্মাণ কাৰ্য চলিত বৰ্ষৰ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিছে। নতুন দিল্লীত কালি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে গহপুৰ-নুমলীগড় সংযোগী ১২.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগ পথটো দেশৰ ভিতৰত প্ৰথম আৰু বিশ্বৰ দ্বিতীয়টো পথ আৰু ৰে'ল পথ থকা পানীৰ তলৰ সুৰংগ হ'ব। এই প্ৰকল্পৰ বাবে ২২ হাজাৰ কোটি টকা ব্যয় কৰা হ'ব বুলিও গাডকাৰীয়ে কয়। সম্প্রতি অসমত প্রায় দুই লাখ কো...