July 30, 2026 7:57 PM

views 14

ৰীণা সোণোৱালক দূৰদৰ্শনৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি

ভাৰতীয় তথ্য সেৱাৰ বিষয়া ৰীণা সোণোৱালক দূৰদৰ্শনৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জাননীযোগে এই কথা সদৰি কৰিছে। ৰীণা সোণোৱালৰ এই পদন্নোতিয়ে অসম তথা সমগ্র উত্তৰ পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ বতৰা কঢ়িয়াই আনিছে। ভাৰতীয় তথ্য সেৱাৰ ১৯৯৪ চনৰ বেটচৰ বিষয়া ৰীণা সোণোৱাল সম্প্ৰতি কেন্দ্ৰীয় উচ্চ শিক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব হিচাপে কৰ্মৰত হৈ আছে।