June 11, 2025 11:53 AM

views 33

কামাখ্যাত অম্বুবাচী মহাযোগ সূচাৰুৰূপে পৰিচালনা কৰা সন্দৰ্ভত পর্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত বৈঠক

কামাখ্যা মন্দিৰত অহা ২২ জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মহাযোগ সূচাৰুৰূপে পৰিচালনা কৰাৰ বাবে পর্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত কালি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত শ্রীদাসে দেশী-বিদেশী অগণন ভক্তৰ সমাগম হ’বলগীয়া অম্বুবাচী মহাযোগ শৃংখলাবদ্ধভাবে পৰিচালনাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। অম্বুবাচী মহাযোগত অংশগ্রহণ কৰিবলৈ অহা ভক্তসকলৰ বাবে এইবাৰ ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী শ্ৰীদাসে কয়, যে এই সমগ...