January 25, 2025 6:28 PM

views 61

গণৰাজ্য দিৱস উপলক্ষে গুৱাহাটী মহানগৰীত নিৰাপত্তাকে ধৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ

গণৰাজ্য দিৱস উপলক্ষে গুৱাহাটী মহানগৰীত নিৰাপত্তাকে ধৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে জিলাসমূহত গণৰাজ্য দিৱসত হ'বলগীয়া কুচকাৱাজৰ অনুশীলন সম্পূৰ্ণ হৈছে। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ উপৰি ভালেমান জিলাত আজি বিয়লি প্ৰাক-গণৰাজ্য দিৱসৰ কুচকাৱাজ অনুষ্ঠিত হয়। গুৱাহাটী মহানগৰীত কুচকাৱাজৰ সময়ছোৱাত যান-বাহন চলাচলৰ ক্ষেত্ৰত পথৰ কিছু সাল-সলনি কৰা হৈছে।

January 24, 2025 6:41 PM

views 64

৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰস্তুতি প্রায় সম্পূৰ্ণ

৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। গণৰাজ্য দিৱসৰ সময়ছোৱাত যাতে কোনোধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। গণৰাজ্য দিৱসৰ পেৰেডৰ বাবেও ইতিমধ্যে অনুশীলন সম্পূর্ণ হৈছে। পূৰ্ব নিৰ্ধাৰিত ঘোষণা অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় গণৰাজ্য দিৱস উদযাপনৰ বাবে সমগ্ৰ চহৰখনেই সুন্দৰভাৱে সজাই-পৰাই তোলা হৈছে। ই...

January 24, 2025 1:22 PM

views 66

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি অব্যাহত

৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানতো পূৰ্ণ প্ৰস্তুতি চলিছে। গণৰাজ্য দিৱসৰ সময়ছোৱাত যাতে কোনোধৰণৰ কূটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসালয় খেলপথাৰত হ'বলগীয়া কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই পতাকা উত্তোলন কৰিব। আনহাতে, পূর্ব নির্ধাৰিত ঘোষণা অনুসৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভা...

January 24, 2025 1:20 PM

views 70

ৰাজ্যৰ ১০ গৰাকী উদ্যমীক দিল্লীৰ গণৰাজ্য দিৱসৰ কুচকাৱাজলৈ বিশেষ অতিথি হিচাপে আমন্ত্রণ

ৰাজ্যৰ ১০ গৰাকী উদ্যমীক দিল্লীত হ'বলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজলৈ বিশেষ অতিথি হিচাপে আমন্ত্রণ জনোৱা হৈছে। আমন্ত্ৰণ লাভ কৰা উদ্যমীসকলৰ ভিতৰত ধুবুৰীৰ নমিতা এম মাৰাক, কোকৰাঝাৰৰ বিউতি ৰামচিয়াৰী, চিৰাঙৰ মীনা মুছাহাৰী, শোণিতপুৰৰ ইউৰিকা ডব্লিউ ডি রাগাম, ধেমাজিৰ অনিল পেগু, গুৱাহাটীৰ গোপাল কৰ্মকাৰ, শিৱসাগৰৰ প্ৰিন্স ফুকন, মৰিগাঁৱৰ প্ৰণৱ সিং, কামৰূপ মহানগৰৰ ত্ৰিবেণী বৰগোহাঁই আৰু নিৰ্মল চৌধুৰী আছে। বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বাবে এই উদ্যমীকেইগৰাকীক গণৰাজ্য দিৱসৰ কুচকাৱাজলৈ আমন্ত্ৰণ জনোৱা হৈছে। কেন্দ...

January 23, 2025 8:18 PM

views 66

৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত সেনা শক্তি প্ৰদৰ্শনৰ বাবে সেনা বাহিনী সম্পূৰ্ণ সাজু

৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত কৰ্তব্য পথত সেনা শক্তিৰ প্ৰদৰ্শন কৰাৰ বাবে সেনা বাহিনী সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। নতুন দিল্লীত আজি সংবাদমাধ্যমৰ আগত মেজৰ জেনেৰেল সুমিত মেহতাই কয়, যে এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেডত যুদ্ধক্ষেত্ৰ নিৰীক্ষণ ব্যৱস্থা আৰু প্ৰতিৰক্ষা অনুসন্ধান আৰু বিকাশ সংস্থা, ডি আৰ ডি অ'ৰ প্ৰলয় যুদ্ধ প্ৰণালী মুখ্য আকৰ্ষণ হ'ব। পেৰেডত ভাষ্ম টি নাইনটি টেংক, নাগ মিছাইল পদ্ধতি, বজৰংগ লাইট স্পেচিয়েলিষ্ট ভেহিকল, নন্দিঘোষ তৎকাল প্রতিক্রিয়া বাহিনী বাহন, ব্রাহ্মছ, অগ্নিবান, পিনাকা, আকাশ যুদ্ধ পদ...

January 23, 2025 1:19 PM

views 62

ৰাজ্যৰ বিভিন্ন স্থানত গণৰাজ্য দিৱসৰ প্ৰস্তুতি, আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানতো গণৰাজ্য দিৱসৰ প্ৰস্তুতি অব্যাহত আছে। ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ সময়ছোৱাত যাতে কোনোধৰণৰ কূটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসালয় খেলপথাৰত হ'বলগীয়া কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পতাকা উত্তোলন কৰিব। ইয়াৰ বাবে ইতিমধ্যে খানাপাৰা খেলপথাৰত তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। সমগ্ৰ খেলপথাৰখন সামৰি ল'ব পৰাকৈ চিচিটিভি কেমেৰা স্থাপন ...