January 22, 2026 12:30 PM

views 63

সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্রশাসনৰ প্রস্তুতি অব্যাহত

সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্রশাসনে প্রস্তুতি অব্যাহত ৰাখিছে। ইয়াৰ বাবে জিলা সদৰসমূহত কুচ-কাৱাজৰ অনুশীলন কৰি থকা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ আশাৰিকান্দি গাঁৱৰ ঐতিহ্যমণ্ডিত পোৰামাটিৰ শিল্প এইবাৰ নতুন দিল্লীত কৰ্তব্যপথত হ'বলগীয়া গণৰাজ্য দিৱসৰ কুচ- কাৱাজত প্ৰদৰ্শন কৰা হ'ব। ময়ুৰপংখীৰূপত এই শিল্প আটকধুনীয়াকৈ প্ৰদৰ্শন কৰা হ'ব। ইয়াকে লৈ জিলাখনৰ পোৰামাটিৰ শিল্পীসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। গণৰাজ্য দিৱসলৈ মাজত তিনিটা দিন বাকী থকা অৱস্থাত দক্ষিণ শালমাৰা মানকাচৰ জিলাতো প...

November 26, 2025 8:16 PM

views 52

২০২৬ চনৰ গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰতিৰক্ষা মন্ত্রালয়ৰ ছাত্র-ছাত্ৰী আৰু যুৱ শিল্পীসকলৰ বাবে চিত্রাংকন, ৰচনা, গান আৰু কুইজ প্রতিযোগিতা আয়োজন

২০২৬ চনৰ গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰতিৰক্ষা মন্ত্রালয়ে মাইগভৰ সহযোগত সকলো নাগৰিকৰ বাবে বিশেষকৈ ছাত্র-ছাত্ৰী আৰু যুৱ শিল্পীসকলৰ বাবে তিনিটা প্রতিযোগিতাৰ শিতান মুকলি কৰিছে। ইয়াৰ জৰিয়তে দেশৰ প্ৰতি সন্মান তথা দেশপ্ৰেমৰ ভাৱনাক প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে। এই প্রতিযোগিতাৰ ভিতৰত চিত্রাংকন, ৰচনা, গান আৰু কুইজ প্রতিযোগিতা আছে। মন্ত্রালয়ে শিল্পীসকলক আত্মনির্ভব, উদ্ভাবন আৰু বহনক্ষম বিকাশৰ দিশত ভাৰতৰ যাত্ৰাক প্ৰতিফলিত কৰা ছবি সৃষ্টি কৰিবলৈ আহ্বান জনাইছে। শ্রেষ্ঠ ছবিখনক বিশেষ প্রদর্শনীত দেখুওৱা হ'ব। বি...