May 27, 2024 6:16 PM

views 53

ৰেমল নামৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত কলকাতাত ১৫ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ

ৰেমল নামৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত কলকাতাত ১৫ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হৈছে। মহানগৰখনত এতিয়াও বৰষুণ দি আছে। কিছুমান অঞ্চলত গছ-গছনি উভালি পৰাৰ লগতে বাৰানগৰত এটা কাৰখানাৰ চিমনী ৰাস্তাৰ ওপৰত পৰি যোৱাৰ ফলত ভালেমান যান-বাহনৰ ক্ষতিসাধন হয়। এছপ্লান্ড আৰু পাৰ্ক ষ্ট্রীট মেট্রো ষ্টেচনৰ মাজত পানী জমা হোৱাৰ ফলত মেট্রো ৰেল সেৱা ব্যাহত হৈছে। উত্তৰ চৌবিছ পৰগনা জিলাৰ পথত ভালেমান গছ-গছনি উভালি পৰাৰ ফলত পথ যোগাযোগ ব্যাহত হৈছে। দক্ষিণ আৰু উত্তৰ চৌবিছ পৰগনা জিলাৰ উপকূল অঞ্চলসমূহত ৰেমলৰ প্ৰভাৱ হ্ৰাস পাইছে যদিও বৰ্তমা...