May 26, 2024 1:27 PM

views 61

ৰেমল নামৰ ঘূৰ্ণিবতাহজাক আজি মাজনিশালৈ বাংলাদেশ আৰু কাষৰীয়া পশ্চিমবংগৰ উপকূলভাগ পাৰ হৈ যোৱাৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে, উত্তৰ বঙ্গোপসাগৰত সৃষ্টি হোৱা ৰেমল নামৰ ঘূৰ্ণিবতাহজাক পশ্চিমবংগৰ সাগৰ দ্বীপপুঞ্জৰ পৰা প্ৰায় ২৭০ কিলোমিটাৰ দক্ষিণ পূৱত প্ৰচণ্ড ঘুৰ্ণিবতাহলৈ ৰূপান্তিৰত হৈছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে বতাহজাক উত্তৰ দিশলৈ গতি কৰিব আৰু প্ৰতিঘণ্টাত ১১০ ৰ পৰা ১৩৫ কিলোমিটাৰ বেগেৰে আজি মাজনিশালৈ বাংলাদেশ আৰু কাষৰীয়া পশ্চিমবংগৰ উপকূলভাগ পাৰ হৈ যোৱাৰ সম্ভাৱনা আছে।         ইপিনে, কোলকাতা বিমান বন্দৰ কৰ্তৃপক্ষই ঘুৰ্ণি বতাজাকৰ সম্ভাৱ্য প্ৰভাৱলৈ চাই  আজি দুপৰীয়াৰ পৰা ২১ ঘণ্টাৰ বাবে ...

May 25, 2024 5:14 PM

views 66

ৰেমালৰ নিম্নচাপ আজি সন্ধিয়া ঘূৰ্ণীবতাহ-ধুমুহাত পৰিণত হোৱাৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

♦ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে, পূব-মধ্য বংগোপ সাগৰৰ ওপৰত সৃষ্টি হোৱা নিম্নচাপ আজি সন্ধিয়া ঘূৰ্ণীবতাহ-ধুমুহাত পৰিণত হোৱাৰ সম্ভাৱনা আছে। এটা বিবৃতিত বিভাগে প্ৰকাশ কৰা অনুসৰি ৰেমাল নামৰ এই বতাহজাকে কাইলৈ মাজনিশাৰ ভিতৰত বাংলাদেশ আৰু পশ্চিম বংগৰ উপকূল অতিক্ৰম কৰি বিপজ্জনক সাগৰীয় ধুমুহাত পৰিণত হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত পশ্চিমবংগৰ বিভিন্ন স্থানত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ওড়িশাৰ উত্তৰ উপকূল অঞ্চলত প্ৰবল বৰষুণৰ আগজাননী দিয়া হৈছে। একেদৰে ইয়াৰ প্ৰভাৱত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতো প্ৰবল ...