December 25, 2025 8:34 PM

views 37

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৰ দ্বাৰা সংবিধানৰ চাওতালি ভাষাৰ সংস্কৰণ উন্মোচন

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত সংবিধানৰ চাওতালি ভাষাৰ সংস্কৰণ উন্মোচন কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে সংবিধান চাওতালি ভাষাতো উপলব্ধ হোৱাটো চাওতাল সম্প্রদায়ৰ লোকৰ বাবে সঁচাকৈ গৌৰৱৰ বিষয়। তেওঁ কয়, যে ইয়াৰ ফলত চাওতাল সম্প্রদায়ৰ লোক সকলে নিজৰ ভাষাত সংবিধান পঢ়িব পাৰিব। অনুষ্ঠানত আইন আৰু ন্যায় মন্ত্রী অর্জন ৰাম মেঘৱাল উপস্থিত থাকে।