June 30, 2025 8:14 PM

views 83

তেলেংগানাৰ চংগা ৰেড্ডী জিলাৰ ঔষধ প্ৰতিষ্ঠানত সংঘটিত বিস্ফোৰণৰ ফলত ১২ গৰাকী শ্রমিক নিহত

তেলেংগানাৰ চংগা ৰেড্ডী জিলাৰ এটা ঔষধ প্ৰতিষ্ঠানত আজি সংঘটিত এটা বিস্ফোৰণৰ ফলত ১২ গৰাকী শ্রমিক নিহত হোৱাৰ লগতে ২৬ গৰাকীৰো অধিক শ্রমিক আহত হয়। চিগাচি উদ্যোগিক প্ৰতিষ্ঠানত সংঘটিত বিস্ফোৰণটোৰ ফলত সমগ্র প্রতিষ্ঠানটো বিধ্বংসী অগ্নিকাণ্ডৰ কবলত পৰে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ কেইবাটাও দলে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে। তেলেংগানাৰ ৰাজ্যিক শ্রম মন্ত্রী বিবেক ভেংকটাস্বামীয়ে জুইত জাহ যোৱা প্ৰতিষ্ঠানটো পৰিদৰ্শন কৰি বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বুলি...