March 12, 2025 11:59 AM

views 29

মহিলা প্রিমিয়াৰ লীগ ক্রিকেটত মুম্বাই ইণ্ডিয়ানছক ১১ ৰানত পৰাস্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ লীগ পৰ্যায়ৰ অন্তিমখন খেলত কালি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক ১১ ৰানত পৰাস্ত কৰে। মুম্বায়ে টছত জিকি ৰয়েল চেলেঞ্জাৰ্ছক প্রথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। মুম্বাইৰ ব্ৰেবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত ২০ অভাৰত তিনিটা উইকেটৰ বিনিময়ত ১৯৯ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত মুম্বায়ে ২০০ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৮৮ ৰানহে কৰিবলৈ সমৰ্থ হয়।