August 31, 2025 10:33 AM

views 50

ভাৰত অচিৰেই বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিলৈ পৰিৱৰ্তিত হ’বঃ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্রা

ভাৰত অচিৰেই বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিলৈ পৰিৱৰ্তিত হ'ব। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্রাই কালি এই মত প্ৰকাশ কৰি কয়, যে ভাৰতৰ এই অর্থনৈতিক বৃদ্ধিৰ যাত্ৰাত প্ৰধানমন্ত্ৰীৰ 'জন ধন যোজনা'ই বিশেষ অৰিহনা আগবঢ়াইছে। চলিত বিত্তীয় বৰ্ষৰ এপ্রিল-জুন ত্রিমাসিকত ভাৰতৰ জি ডি পি ৭.৮ শতাংশলৈ বৃদ্ধি হোৱাৰ সময়তে গৱৰ্ণৰ সঞ্জয় মালহোত্রাই এনে তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে। উল্লেখযোগ্য যে এই বৃদ্ধি হৈছে আমেৰিকাই ভাৰতৰ সামগ্ৰীৰ ওপৰত উচ্চ হাৰৰ শুল্ক আৰোপ কৰাৰ পূৰ্বৰ পাঁচটা ত্রিমাসিকৰ ভিতৰত আটাইতকৈ বেছি। ইন্দো...