October 28, 2024 11:47 AM

views 49

নতুন শিক্ষাবৰ্ষৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত মাতৃভাষা মাধ্যমত পাঠদান হ’বঃ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

নতুন শিক্ষাবৰ্ষৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত মাতৃভাষা মাধ্যমত পাঠদান হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰে। তেওঁ কয় যে, মিচিং, দেউৰী, তিৱা, চাওতালী, ৰাভা, ডিমাচা ভাষাৰ মাধ্যমত শিক্ষাদান কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে সাহিত্য সভাসমূহক ইতিমধ্যে পাঠ্যপুথি প্ৰস্তুতৰ দায়িত্ব দিয়াৰ লগতে এই পাঠ্যপুথিসমূহ বিদ্যালয়সমূহত উপলব্ধ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।