August 11, 2026 8:15 PM

views 16

ৰাজ্যত শিক্ষকৰ বদলি প্রক্রিয়া আৰম্ভ হৈছে বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ

ৰাজ্যত শিক্ষকৰ বদলি প্রক্রিয়া আৰম্ভ হৈছে বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। আজি সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰি কৰি তেওঁ কয়, যে শিক্ষকসকলে প'র্টেলযোগে পাৰস্পৰিক বদলি ল'ব পাৰিব। তেওঁ কয় যে প্রথম পৰ্যায়ত পাৰস্পৰিক বদলিৰ তালিকা প্রকাশ পাব আৰু পৰৱৰ্তী পর্যায়ত বি টি আৰ সম্পূৰ্ণ এজন শিক্ষক থকা বিদ্যালয় শিক্ষকসমূহৰ বদলিৰ তালিকা প্রকাশ পাব। শিৱসাগৰ, নাজিৰা আৰু চৰাইদেউত বানৰ কবলত থকা বিদ্যালয়ত ১৫ আগষ্টৰ পাছত পাঠদান হ'ব বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয়, যে বান প্রভাবিত জিলাকেইখনত এতিয়াও ডেৰ শ...