November 14, 2025 9:34 PM

views 44

ধেমাজিৰ গোগামুখৰ গাৰ্লছ হাইস্কুলত প্ৰশাসনীয় ভৱনৰ আধাৰশিলা স্থাপন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যান বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিৰ গোগামুখৰ গাৰ্লছ হাইস্কুলত এটা প্ৰশাসনীয় ভৱনৰ আধাৰশিলা স্থাপন কৰে। মিছিং স্বায়ত্ত শাসিত পৰিষদৰ অনুদানেৰে নিৰ্মাণ হ'বলগীয়া এই প্ৰশাসনিক ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মিছিং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ আৰু পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকল উপস্থিত থাকে। প্ৰশাসনীয় ভৱনৰ আধাৰশিলাৰ লগতে অহা বৰ্ষৰ ২০, ২১ আৰু ২২ মাৰ্চত বিদ্যালয়খনত হ'বলগীয়া সোণালী জয়ন্তী বর্ষ উদযাপনৰ অংশ হিচাপে মন্ত্রী ডা...

August 9, 2025 10:54 PM

views 23

ধেমাজি জিলাত নির্মীয়মান সংহত ক্রীড়া প্ৰকল্প পৰিদৰ্শন মন্ত্রী ডাঃ ৰণোজ পেগুৰ

ধেমাজি জিলাত নির্মীয়মান সংহত ক্রীড়া প্ৰকল্পটো আজি মন্ত্রী ডাঃ ৰণোজ পেগুৱে পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীৰ লগতে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, অসম ক্রিকেট সংস্থাৰ সভাপতি তথা বিধায়ক তৰংগ গগৈ প্ৰমুখ্যে ক্রিকেট সন্থাৰ প্ৰতিনিধি আৰু কাৰিকৰী দল এই পৰিদৰ্শন কালত উপস্থিত থাকে। তেওঁলোকে প্ৰকল্পটোত নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা খেলপথাৰ আৰু ষ্টেডিয়ামৰ স্থান পৰিদৰ্শন কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে ধেমাজিত এখন অত্যাধুনিক বি চি চি আই স্বীকৃতিপ্রাপ্ত ক্রিকেট ষ্টেডিয়াম স্থাপন কৰিবলৈ লোৱাৰ বাবে অসম ক্রিকেট সন্থাক ধন্যবা...