April 30, 2025 8:02 PM

views 35

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা অৰ্জন কৰা সকলো শিক্ষার্থীলৈ শিক্ষা মন্ত্ৰীৰ অভিনন্দন

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে গোগামুখত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এখন সংবাদমেল সম্বোধন কৰি পৰীক্ষাত সফলতা অৰ্জন কৰা সকলো শিক্ষার্থীকে অভিনন্দন জনায়। লগতে সফল নোহোৱা পৰীক্ষাৰ্থীসকলকো নিৰাশ নহৈ পুনৰ প্ৰস্তুতি চলাবলৈ আহ্বান জনায়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰীক্ষা অনুষ্ঠিত কৰাৰ ৪৪ দিনৰ ভিতৰতে সুকলমে ফলাফল ঘোষণা কৰাৰ বাবে শিক্ষা মন্ত্ৰীগৰাকীয়ে পৰিষদকো ধন্যবাদ জনায়।