September 20, 2024 1:08 PM

views 53

চিৰাং জিলাৰ বামুনগাঁৱৰ বীৰঝৰাত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ আৰচিচি চেল ব্ৰীজ উদ্বোধন

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি চিৰাং জিলাৰ বামুন গাঁৱৰ বীৰঝৰাত জনজাতি পৰিক্ৰমা বিভাগৰ পুঁজিৰে নিৰ্মিত এখন আৰচিচি চেল ব্ৰীজ উদ্বোধন কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী উপস্থিত থাকে। শ্রী পেগুৱে এই সেতুখনে অঞ্চলটোৰ যাতায়াতৰ লগতে বাণিজ্য আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে। তেওঁ আমলাইগুৰিত এখন ইকো-টুৰিজিম উদ্যান মুকলি কৰাৰ লগতে এটা অতিথিশালাও উদ্বোধন কৰিব। বিয়লি তেওঁ জিলাখনৰ বেংতল গেটত থকা চিৰাং জিলা ট্রা...