May 30, 2025 8:33 PM

views 32

কোকৰাঝাৰত ১৬৫ গৰাকী বড়ো লোকশিল্পীলৈ সম্বর্ধনা

কোকৰাঝাৰৰ চানমাৰিত থকা বডোফা সাংস্কৃতিক প্রকল্পত আজি ১৬৫ গৰাকী বড়ো লোক শিল্পীক সম্বর্ধনা জনোৱা হয়। নতুন দিল্লীত বাগৰুম্বা আৰু আন বড়ো জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা শিল্পীসকলক জনোৱা সম্বৰ্ধনা অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস মুখ্য অতিথি হিচাপে উপস্থিত থাকে। দুলাৰাই বড়ো হাৰিমু আফাড, বড়ো অনাতাঁৰ আৰু দূৰদৰ্শন শিল্পী সংস্থাৰ উদ্যোগত তথা বি টি আৰ চৰকাৰৰ সহযোগত আয়োজিত এই সম্বর্ধনা অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বি টি চি প্রধান প্রমোদ বড়ো, ৰাজ্যসভাৰ সাংসদ ৰনগৌড়া নাৰ্জাৰী, লোকসভাৰ সাংসদ জয...