August 26, 2025 8:25 PM
179
একলব্য আদর্শ আৱাসিক বিদ্যালয় উদ্বোধন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস
বজালী জিলাৰ খাৰাধৰাত আজি জনজাতীয় লোকসকলৰ পৰিয়ালৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অৰ্থসাহায্যৰে নির্মিত এখন একলব্য আদর্শ আৱাসিক বিদ্যালয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উদ্বোধন কৰে। বিদ্যালয়খন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলে বিনামূলীয়াকৈ পঢ়াৰ লগতে থকা-খোৱা আদিৰ সুবিধা লাভ কৰিব। ইয়াৰ বাবে সম্পূর্ণ ব্যয় কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। জনজাতীয় সমাজৰ শিশুসকলৰ জীৱনৰ ৰূপান্তৰ সাধনৰ বাবে একলব্য আদর্শ আৱাসিক বিদ্...