March 26, 2025 12:38 PM

views 34

অহা মাহৰ প্ৰথম সপ্তাহতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক ৰাজ্য চৰকাৰৰ আহ্বান

অহা মাহৰ প্ৰথম সপ্তাহতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ ৰাজ্য চৰকাৰে ৰাজ্যিক নিৰ্বাচন আয়োগক আহ্বান জনাইছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কালি এই বিষয়ে সদৰী কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে নির্বাচনী অধিসূচনা জাৰিৰ দিনটোৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, নিৰ্বাচনত জয়লাভ কৰাসকলক প্ৰমাণপত্ৰ দাখিল কৰি নির্বাচনী প্রক্রিয়া সম্পূৰ্ণ কৰিবলৈ এমাহ সময়ৰ প্ৰয়োজন হয়। চৰকাৰৰ তৰফৰ পৰা নিৰ্বাচন আয়োগক ৫ মে'ৰ ভিতৰত পঞ্চায়ত নির্বাচন প্রক্রিয়া সম্পূৰ্ণ কৰিবলৈ আহ্বান জনোৱা হৈছে।...