March 23, 2025 6:45 PM

views 62

কামৰূপ জিলাৰ ৰাণী সংৰক্ষিত বনাঞ্চলত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

কামৰূপ জিলাৰ ৰাণী সংৰক্ষিত বনাঞ্চলত উৱলি যোৱা বন্যহস্তীৰ এটা মৃতদেহ উদ্ধাৰ কৰা হয়। পূৱ কামৰূপ বন সংমণ্ডলৰ অধীনৰ ৰাণী ৰেঞ্জৰ অন্তৰ্গত দেওপাহাৰত উদ্ধাৰ কৰা মৃত বন্যহস্তীটো চোৰাং চিকাৰীয়ে হত্যা কৰাৰ সন্দেহ কৰা হৈছে। বন বিভাগে মেঘালয়ৰ চোৰাং চিকাৰীয়ে এমাহ পূর্বে হাতীটো হত্যা কৰি দাঁত, শুঁৰ, মঙহ আদি কাটি লৈ যোৱাৰ সন্দেহ কৰিছে। ঘটনাস্থলীত ৰাণী বনাঞ্চলিক বিষয়া ৰজী বর্মনসহ বনকৰ্মীৰ দল, পশু চিকিৎসকব দল আৰু স্থানীয় লোকৰ উপস্থিতিত মৃতদেহটোৰ অৱশিষ্ট জ্বলাই দিয়া হয়।