September 6, 2026 11:51 AM

views 3

ইতিহাস প্ৰসিদ্ধ ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ দিশত কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ

ছশ বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰা একালৰ ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ দিশত কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই বিষয়ে প্রকাশ কৰি কয়, যে ৰংপুৰ-শিৱসাগৰক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা দিয়াৰ বাবে যোৱা ১৯ জুনত ভাৰত চৰকাৰৰ তৰফৰ পৰা ইউনেস্ক'ত আনুষ্ঠানিকভাবে মনোনয়ন দাখিল কৰা হয়। ৰংঘৰ, কাৰেংঘৰ, দৌল, পুখুৰী আৰু আহোমসকলৰ অন্যন্য স্থাপত্য কাৰুকৌশলৰ অমূল্য নিদর্শনেৰে সমৃদ্ধ এই ভূম...